ঢাকা | রবিবার | ১৮ আগস্ট, ২০১৯ | ৩ ভাদ্র, ১৪২৬ | ১৫ জিলহজ্জ, ১৪৪০ | English Version | Our App BN | বাংলা কনভার্টার

  • Main Page প্রচ্ছদ
  • বিদেশ
  • বাংলাদেশ
  • স্বদেশ
  • ভারত
  • অর্থনীতি
  • বিজ্ঞান
  • খেলা
  • বিনোদন
  • ভিডিও
  • ♦ আরও ♦
  • ♦ গুরুত্বপূর্ণ লিংক ♦
  • Review News


  • ইউটিউবে এনবিএস-এর সব খবর দেখুন। সাবস্ক্রাইব করুন আমাদের চ্যানেলটি:

    যোৰহাট, গোলাঘাটত কিয় জ্বলিবলৈ পাইছে শ শ চিতা
    এনবিএস | Sunday, February 24th, 2019 | প্রকাশের সময়: 12:00 am

    যোৰহাট, গোলাঘাটত কিয় জ্বলিবলৈ পাইছে শ শ চিতাযোৰহাট, গোলাঘাটত কিয় জ্বলিবলৈ পাইছে শ শ চিতা

    ডিজিটেল ডেস্কঃ বিধানসভাৰ বাজেট অধিৱেশনত কেইদিনমান আগে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এতিয়াৰে পৰা আৰু চাহ শ্ৰমিকে নিমখ মিহলোৱা ৰঙা চাহ খাব নালাগে। নিমখৰ সলনি চেনী দিয়া চাহ খাবলৈ প্ৰতিজন শ্ৰমিকক মাহে ২ কিলোকৈ চেনী দিয়া হ’ব। পিছে, বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা চেনী দিয়া চাহ খাবলৈ নৌপাওঁতেই যোৱা তিনিটা দিনত বিহ মিহলোৱা চুলাই খাই শতাধিক লোকৰ মৃত্যু হৈছে। বিধানসভাৰ খোদ অধ্যক্ষৰ গৃহ জিলা যোৰহাট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতিকৈ ঘনিষ্ঠ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওঁগৰ গৃহ জিলা গোলাঘাট যেন মৃত্যু উপত্যকাত পৰিণত হৈছে।

    কংগ্ৰেছ আৰু শাসকীয় বিজেপিৰ অতিকে প্ৰভাৱশালী চাহ জনগোষ্ঠীয় নেতা তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা বা বিধানসভাৰ বাহিৰে ভিতৰে সিংহ গৰ্জন দি ফুৰা বিজেপি বিধায়ক মৃণাল শইকীয়াই হওঁক বিৰোধীৰ ৰূপজ্যোতি কুৰ্মী অথবা ৰ’জলীনা তিৰ্কীৰ দৰে বিধায়ক, সাংসদ সকল আকৌ এই হৃদয় বিদাৰক ঘটনাৰ ৰহস্য ভেদ কৰাৰ বাবে উঠি পৰি লগাৰ পৰিৱৰ্তে ইজনে সিজনৰ গালৈ বোকা চটিওৱাৰ ঘৃণনীয় ৰাজনীতিত হে নামি পৰিছে। যিটো সময়ত উনৈশ শতিকাৰ ক’লা জ্বৰ অথবা কলেৰা মহামাৰীৰ দৰে ইখনৰ পিছত সিখন বাগানত বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুওৱা শ্ৰমিকৰ মৃতদেহে দ’ম বান্ধিছে, তেনে এক হৃদয় বিদাৰক সময়ত ৰাজ্য চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে যি তৎপৰতা দেখুওৱাব লাগিছিল বিগত ২টা দিনত সেয়া দেখুৱাবলৈ তেওঁ সক্ষম নহ’ল।

    তিনি দিনৰ মূৰত শনিবাৰেহে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে যোৰহাটলৈ যোৱাৰ বিপৰীতে উজনি অসমৰ আন এগৰাকী প্ৰভাৱশালী নেতা তথা চাহ জনগোষ্ঠীৰে সাংসদ ৰামেশ্বৰ তেলীয়ে শিক্ষাৰ্থীৰ মাজত স্কুটী বিতৰণ কৰি নিৰ্বাচনী লাভালাভৰ জঘণ্য অভিযান চলাবলৈ গৈ সাংবাদিকৰে কাজিয়াত লিপ্ত হৈছেগৈ। বিহাৰত ২০জন মাত্ৰ চাহ শ্ৰমিকৰ একেলগে মৃত্যু হোৱাৰ লগে লগে নীতিশ কুমাৰৰ চৰকাৰে সমগ্ৰ ৰাজ্যতে নিষিদ্ধ কৰিছিল সুৰা।

    অসমৰ চৰকাৰ তথা আবকাৰী মন্ত্ৰীয়ে আকৌ সুৰাৰ মুক্ত বেহাৰ ওপৰত থকা নুন্যতম বাধা নিষেধ সমূহো উঠাই দি বৰ্ধিত ৰাজহ সংগ্ৰহেৰে ৰাজ ভঁড়াল টনকিয়াল কৰাৰ হাস্যকৰ ব্যাখ্যা আগবঢ়ায়। আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৃষ্ঠপোষকতাতে অৰুণাচলৰ পৰা ৰে’ল আৰু সৰু সৰু ট্ৰাকযোগে একাংশ বিজেপিৰ পোছাকধাৰী দালালৰ মাধ্যমত আৰক্ষীৰ চকুৰ সন্মুখেৰেই মুক্ত ভাৱে যোৱা ২টা বছৰত অবিৰাম অবৈধ সুৰাৰ সৰবৰাহ অব্যাহত থকাৰ বিষয়টো এতিয়া মুকলি সত্য হিচাপেই সকলোৱে গণ্য কৰে।

    শুকুৰবাৰে যি সময়ত গোলাঘাটত বিষাক্ত সুৰা খাই নিহত চাহ শ্ৰমিকৰ শাৰী শাৰী চিতা জ্বলিছিল, সেই একে সময়তে লামডিং ৰে’ল ষ্টেচনত আৰক্ষীৰ চকুৰ সন্মুখেৰে কিদৰে শাৰী শাৰী মহিলাই অবৈধ সুৰাৰ মোনা কঢ়িয়াই নিব পাৰে সেই বাতৰিও ভিডিঅ’সহ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ বাতৰিত প্ৰকাশ পাইছিল। শনিবাৰেও খোদ ৰে’ল মন্ত্ৰী গৰাকী লামডিঁঙত সভা কৰি থকা অৱস্থাতে ৰে’ল জংচনৰ দাঁতিতে ৰে’লযোগে সৰবৰাহ কৰাৰ উদ্দেশ্যৰে গোটাই থোৱা বৃহৎ পৰিমাণৰ অবৈধ সুৰা আবকাৰী বিভাগে জব্দ কৰাৰ ঘটনাই শতাধিক লোকৰ মৃত্যু হোৱাৰ পিছতো বিষাক্ত সুৰাৰ বিষয়টোক লৈ চৰকাৰ এতিয়াও কিমান নিৰ্বিকাৰ হৈ আছে সেই কথাকে প্ৰমাণ কৰে।

    গোলাঘাট জিলাত বিগত বৰ্ষতো এনেকুৱা এক সময়তে প্ৰায় কুৰিজন লোকৰ বিষাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হৈছিল। ইয়াৰ কেইবছৰমান পূৰ্বে লখিমপুৰৰ কইলামাৰী চাহ বাগিচাৰ সমীপৰ কাকৈ ৰাজগড় আৰু চাবটি অঞ্চলত বিষাক্ত সুৰা সেৱনৰ ফলত ১৮জনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ পিছতে স্বাস্থ্য বিভাগে চলোৱা তদন্ত আৰু পৰীক্ষাত এই কথা স্পষ্ট হৈ পৰিছিল যে, চাহ গছত ব্যৱহাৰ কৰা বিষাক্ত কীটনাশক দ্ৰব্যৰ ড্ৰাম ভালদৰে পৰিস্কাৰ নকৰাকৈয়ে চুলাইৰ সৰবৰাহৰ পৰিণতিতে এনে ঘটনা সংঘটিত হোৱা বুলি প্ৰমাণ হৈছিল।

    স্বাস্থ্য বিভাগ তথা চৰকাৰে তৎপৰতাৰে বিষাক্ত সুৰাৰ উৎস বিচাৰি উলিওৱাৰ লগতে সুৰাৰ সৈতে মিহলি হোৱা ৰাসায়নিক দ্ৰব্যৰ সন্ধান উলিওৱাত সক্ষম হোৱাৰ বাবেই জিলাখনত পৰৱৰ্তী সময়ত এনে নৰসংহাৰৰ ঘটনা বৰ্তমানলৈকে ঘটা নাই। কিন্তু গোলাঘাটত বিগত বৰ্ষটো ভালেকেইজন লোক সুৰা সেৱন কৰি মৃত্যু হোৱাৰ ঘটনাক লৈ জিলা প্ৰশাসন, জনপ্ৰতিনিধি আৰু চৰকাৰ নিৰ্বিকাৰ হৈ থাকি কেৱল বিষাক্ত সুৰাৰ সেৱনকাৰীলৈ দোষ থেলি দিয়াৰ ফলতে যোৱা কেইদিনত ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে নঘটা হৃদয় বিদাৰক এই ঘটনা এইবাৰো সংঘটিত হ’বলৈ পালে।

    আশ্বৰ্যজনক কথা এয়ে যে, যোৱা ৩ দিনত যিকোনো লোকৰে বুকো কঁপাই নিব পৰা দৃশ্য যোৰহাট, গোলাঘাটৰ ৰাইজে চকুলো টুকি প্ৰত্যক্ষ কৰিবলগীয়া হৈছে। শাৰী শাৰী চিতা জ্বলিছে, আবকাৰী বিষয়াক নিলম্বন কৰি কেইজনমান ঘটিৰাম বাতিৰাম চুলাই বেপাৰীক আটক কৰাৰ লগতে বিৰ্বাচনৰ আগেয়ে চাহ বাগিচাত যাতে ক্ষোভৰ জুই নজ্বলে তাৰ বাবে নিহত সকলৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰা হৈছে। কিন্তু অবৈধ সুৰাৰ মূল ঘাটি অথবা লালী গুড়ৰ পাইকাৰী বেপাৰীৰ বিৰুদ্ধে যিদৰে চৰকাৰে কোনো ব্যৱস্থা ল’ব পৰা নাই সেইদৰেই বিশেষ দুখন জিলাৰ বাগিচা আৰু দাঁতি কাষৰীয়া এলেকাত অবৈধভাৱে বিক্ৰী হোৱা দেশীয় মদ তথা চুলাইত কি বিষাক্ত দ্ৰব্য মিহলি হোৱাৰ ফলত এনে বিভীষিকাৰ সৃষ্টি হৈছে সেয়া উদঘাটন কৰিব পৰা নাই। অথচ এই একেখন নিৰ্লজ্জ চৰকাৰেই ৰাজহ বৃদ্ধিৰ অজুহাতত দেশীয় মদৰ মহল মুকলি কৰি দিয়াৰ লগতে সমগ্ৰ ৰাজ্যখনৰ অলিয়ে গলিয়ে বিগত দুটা বছৰতে অবৈধ সুৰাৰ ঢল নমাইছে।

    এনে দায়িত্বহীন কাণ্ডৰ পৰিণতিতে গোলাঘাট, যোৰহাটত দুটা ৰাতিতে মৃতদেহৰ পাহাৰৰ সৃষ্টি হৈছে। এই কাণ্ডৰ পিছত নূন্যতম মানৱীয় মূল্যবোধ থকা যিকোনো ৰাজ্যৰ আবকাৰী মন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰীত্ব ত্যাগ কৰিলেহেঁতেন। মুখ্যমন্ত্ৰীগৰাকী দায়িত্ববোধ সম্পন্ন হোৱা হ’লে শীৰ্ষ পদাধিকাৰৰ চাকৰি যোৱাৰ লগতে যোৰহাট-গোলাঘাটত ভ্ৰাম্যমাণ পৰিক্ষাগাৰসহ ফৰেণচিক আৰু স্বাস্থ্যবিভাগৰ পৰীক্ষক চিকিৎসকে শিৱিৰ পাতিলেহেঁতেন। কিন্তু আমাৰে দুৰ্ভাগ্য যে, এয়া নীতিশ কুমাৰৰ বিহাৰ নহয়। সকলোকে আনন্দ দিবলৈ ক্ষমতাৰ গাদীত বঢ়া সৰ্বানন্দ সোণোৱালৰ চৰকাৰ।  সূত্র: অসমীয়া প্রতিদিন


     

    Space For Advertisement

    (Spot # 14)

    Advertising Rate Chart

    আপনার মন্তব্য লিখুন...
    Delicious Save this on Delicious

    nbs24new3 © সর্বস্বত্ব স্বত্বাধিকার সংরক্ষিত
    নিউজ ব্রডকাস্টিং সার্ভিস - এনবিএস
    ২০১৫ - ২০১৯

    উপদেষ্টা সম্পাদক : এডভোকেট হারুন-অর-রশিদ
    প্রধান সম্পাদক : মোঃ তারিকুল হক, সম্পাদক ও প্রকাশক : সুলতানা রাবিয়া,
    সহযোগী সম্পাদক : মোঃ মিজানুর রহমান, নগর সম্পাদক : আব্দুল কাইয়ুম মাহমুদ
    সহ-সম্পাদক : মৌসুমি আক্তার ও শাহরিয়ার হোসেন
    প্রধান প্রতিবেদক : এম আকবর হোসেন, বিশেষ প্রতিবেদক : এম খাদেমুল ইসলাম
    স্টাফ রিপোর্টার : মোঃ কামরুল হাসান, মোঃ রাকিবুর রহমান ও সুজন সারওয়ার
    সিলেট ব্যুরো প্রধান : ফয়ছল আহমদ
    -------------------------------------------
    ৩৯, আব্দুল হাদি লেন, বংশাল, ঢাকা-১০০০, বাংলাদেশ।
    ফোন : +৮৮ ০২ , +৮৮ ০১৭১৮ ৫৮০ ৬৮৯
    Email : [email protected], [email protected]

    ইউএসএ অফিস: ৪১-১১, ২৮তম এভিনিউ, স্যুট # ১৫ (৪র্থ তলা), এস্টোরিয়া, নিউইর্য়ক-১১১০৩, 
    ইউনাইটেড স্টেইটস অব আমেরিকা। ফোন : ৯১৭-৩৯৬-৫৭০৫।

    আসাক আলী, প্রধান সম্পাদক, ভারত।
    ভারত অফিস : সেন্ট্রাল রোড, টাউন প্রতাপগড়, আগরতলা, ত্রিপুরা, ভারত।

    Home l About NBS l Contact the NBS l DMCA l Terms of use l Advertising Rate l Sitemap l Live TV l All Paper

    দেশি-বিদেশি দৈনিক পত্রিকা, সংবাদ সংস্থা ও অনলাইন নিউজ পোর্টাল থেকে সংগৃহিত এবং অনুবাদকৃত সংবাদসমূহ পাঠকদের জন্য সাব-এডিটরগণ সম্পাদনা করে
    সূত্রে ওই প্রতিষ্ঠানের নাম দিয়ে প্রকাশ করে থাকেন। এ জাতীয় সংবাদগুলোর জন্য এনবিএস কর্তৃপক্ষ কোনো প্রকার দায়-দায়িত্ব গ্রহণ করবেন না।
    আমাদের নিজস্ব লেখা বা ছবি 'সূত্র এনবিএস' উল্লেখ করে প্রকাশ করতে পারবেন। - Privacy Policy l Webmail